বাংলাদেশৰ ঢাকাত আজিৰে পৰা ১৪ নৱেম্বৰলৈকে হ’বলগীয়া এছিয়ান আৰ্ছাৰী ছেম্পিয়নশ্বিপত ভাৰতৰ ১৬ জনীয়া দলে প্রতিদ্বন্দিতা কৰিব। জ্যোতি সুৰেখা ভেনাম আৰু অভিষেক বাৰ্মাৰ দৰে তাৰকা খেলুৱৈয়ে নিজৰ নিজৰ তৃতীয়টো ব্যক্তিগত খিতাপ লাভৰ লক্ষ্যৰে প্ৰতিযোগিতাত অবতীর্ণ হ’ব। প্রতিযোগিতাৰ পুৰুষৰ কম্পাউণ্ড দলক অভিষেক বার্মা আৰু পাৰ্থমেছ জ’কাৰে নেতৃত্ব দিব। মহিলা দলটোত দিপীকা কুমাৰীয়ে নেতৃত্ব দিব। ভাৰতৰ ৰিকাৰ্ভআৰ্ছাৰসকলে দক্ষিণ কোৰিয়াৰ দীৰ্ঘদিনীয়া আধিপত্যক প্রত্যাহ্বান জনাব আৰু প্ৰতিযোগিতাত নিজৰ নিজৰ প্ৰথমটো ব্যক্তিগত স্বর্ণ পদক অৰ্জনৰ চেষ্টা চালাব।
Assamese | November 9, 2025 7:00 PM | Asian Archery Championship at Bangladesh
বাংলাদেশত হ’বলগীয়া এছিয়ান আৰ্ছাৰী ছেম্পিয়নশ্বিপত ভাৰতৰ ১৬ জনীয়া দলে প্রতিদ্বন্দিতা কৰিব