বাংলাদশত নবেল বঁটা প্ৰাপক প্ৰফেচাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনে আজি নিশা শপত গ্ৰহণ কৰিব। কালি এখন সংবাদ মেলত দেশখনৰ সেনাপ্রধান ৱাকাৰ-উজ-জামানে এই কথা সদৰি কৰে। তেওঁ দেশখনৰ পৰিস্থিতি অহা তিনি-চাৰি দিনৰ ভিতৰত স্বাভাৱিক হ’ব বুলি আশা প্রকাশ কৰিছে। তেওঁ কয় যে বিগত কিছুদিনত সংঘটিত অপৰাধমূলক ঘটনাসমূহৰ সৈতে জড়িত থকা লোকসকলক সাৰি যাবলৈ দিয়া নহ’ব আৰু সেইসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
Assamese | August 8, 2024 1:16 PM | Bangladesh News
বাংলাদশত নবেল বঁটা প্ৰাপক প্ৰফেচাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনে আজি নিশা শপত গ্ৰহণ কৰিব