নাবাৰ্ডৰ কৃষি খণ্ডৰ প্ৰচাৰ পুঁজিৰ অধীনত বহনক্ষম খাৰিফ পিঁয়াজৰ খেতিৰ জৰিয়তে গ্রাম্য জীৱিকা বৃদ্ধি কৰা শীৰ্ষক এটা বিস্তাৰিত প্ৰকল্প প্রতিবেদন ভিত্তিক প্ৰকল্প উত্তৰ-পশ্চিম যোৰহাট কৃষক উৎপাদক কোম্পানীৰ বাবে অনুমোদন দিয়া হৈছে। বৈজ্ঞানিক পদ্ধতিৰে পিঁয়াজৰ কৃষিৰ জৰিয়তে গ্রাম্য জীৱিকা শক্তিশালী কৰাৰ উদ্দেশ্যেৰে অনুমোদন দিয়া পুঁজিৰ সফল ৰূপায়ণৰ বাবে নাবার্ড, জিলা কৃষি কার্যালয় যোৰহাট, বেংক আৰু মুখ্য কৃষক তথা সদস্যক সামৰি প্ৰকল্প ৰূপায়ণ আৰু নিৰীক্ষণ সমিতি গঠন কৰা হৈছে। সমিতিখনে আজি কৃষক উৎপাদক কোম্পানীৰ সদস্যসকলৰ সৈতে মিলিত হৈ পৰৱৰ্তী কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰে।
Assamese | June 22, 2025 7:42 PM | NABARD
বহনক্ষম খাৰিফ পিঁয়াজৰ খেতিৰ জৰিয়তে গ্রাম্য জীৱিকা বৃদ্ধি কৰা শীৰ্ষক প্ৰকল্পত অনুমোদন