উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত আজি বসন্ত পঞ্চমী উপলক্ষে দিনৰ ১২ বজালৈকে ১ কোটি ২৫ লাখৰো অধিক ভক্তই স্নান কৰে। ত্রিবেণী সংগম ঘাটত মহাকুম্ভ মেলাৰ এইটো হৈছে তৃতীয়টো অমৃত স্নান। এই স্নানক মহাকুম্ভ মেলাৰ আটাইতকৈ পৱিত্ৰ হিচাপে গণ্য কৰা হয়। জনসাধাৰণে লগতে পুৱাৰ ভাগত গংগা আৰতি কৰে। মহাকুম্ভ মেলাৰ পৱিত্ৰ স্থানৰ ভিতৰত মকৰ সংক্ৰান্তিৰ দিনা অর্থাৎ ১৪ জানুৱাৰীত আৰু ২৯ জানুৱাৰীত মৌনী অমাৱস্যাৰ দিনা কোটি কোটি লোকে পৱিত্ৰ স্নান কৰে। বিশ্বৰ সৰ্বাধিক ধর্মীয় জনসমাবেশ হিচাপে পৰিগণিত হোৱা এই মহাকুম্ভ মেলাত বৰ্তমানলৈ ৩৬ কোটিৰো অধিক লোকে পৱিত্ৰ স্নান কৰে।
Assamese | February 3, 2025 6:17 PM | Kumbh Mela
বসন্ত পঞ্চমী উপলক্ষে মহাকুম্ভ মেলাত ১ কোটি ২৫ লাখৰো অধিক ভক্তৰ স্নান