ৰাজ্যখনৰ বড়ো জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহৰ জনসাধাৰণে বিহুৰ সমান্তৰালভাৱে ব্যাপক উৎসাহ-উদ্দীপনাৰে তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ ৰংজালি বৈশাগু পালন কৰিছে। এই উপলক্ষে খাম, চিফুং, জটা, চেৰজাৰ শব্দত উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে। বড়ো লোকসকলে এই উৎসৱ উপলক্ষে সুস্বাদু খাদ্য সম্ভাৰ প্ৰস্তুত কৰাৰ লগতে নৃত্য গীতেৰে আনন্দমুখৰ পৰিবেশৰ সৃষ্টি কৰিছে। পৰম্পৰা অনুযায়ী বিভিন্ন ঠাইত ঘৰে ঘৰে গৈয়ো তেওঁলোকে নৃত্য পৰিবেশন কৰে। সদৌ বড়ো ছাত্ৰ সন্থা চমুকৈ আবছুৰ উদ্যোগত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত মুকলি বৈশাগু উৎসৱৰ আয়োজন কৰা হৈছে। এই উৎসৱত জনগোষ্ঠীটোৰ বিভিন্ন বয়সৰ লোকে ৰং বিৰঙী পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি অংশ লৈছে।
Assamese | April 15, 2024 8:57 PM | Bodo
বড়ো জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ ৰংজালি বৈশাগু পালন