June 8, 2025 12:58 PM | Bishnu Rabha Diwas

printer

বজালীৰ পাঠশালাত সদৌ অসম ভিত্তিক বিষ্ণুৰাভা সংগীত প্ৰতিযোগিতাৰ আয়োজন

অহা ২০ জুনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি বজালীৰ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত সদৌ অসম ভিত্তিক বিষ্ণুৰাভা সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ হ’বলগীয়া প্ৰতিযোগিতাত প্রতিযোগীসকলে বিষ্ণু প্রসাদ ৰাভা ৰচিত আৰু সুৰাৰোপিত গীত পৰিৱেশন কৰিব পাৰিব। প্ৰতিযোগিতাত কোনো ধৰণৰ ভৰ্তি মাচুলৰ ব্যৱস্থা কৰা হোৱা নাই ।