ভাৰতে বাংলাদেশত প্ৰতিবাদকাৰীয়ে বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ বাসগৃহ ধ্বংস কৰা ঘটনাৰ তীব্ৰ নিন্দা কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়শোৱালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে স্বাধীন বাংলাদেশৰ ইতিহাসৰ চিহ্নস্বৰূপ এই ঐতিহাসিক ভৱন ধ্বংস কৰি পেলোৱাটো সঁচাকৈয়ে অতি দুখৰ বিষয়। তেওঁ কয় যে বাংলা পৰিচয় আৰু গৌৰৱক সমৃদ্ধ কৰা স্বাধীনতা সংগ্ৰামৰ মূল্যবোধৰ সৈতে পৰিচিত প্ৰতিগৰাকী ব্যক্তিয়েই বাংলাদেশৰ জাতীয় চেতনাৰ সৈতে জড়িত এই বাসগৃহৰ গুৰুত্বৰ বিষয়ে ভালকৈয়ে জানে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, বাংলাদেশৰ ৰাজধানী ঢাকাত যোৱা বুধবাৰে নিশা একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ উপস্থিতিতে বুলড’জাৰৰ সহায়ত বংগবন্ধু স্মাৰক সংগ্রহালয় ভাঙি পেলায়। বাংলাদেশৰ জনক তথা দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ পিতৃ বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ এই বাসভৱনটোক পৰৱৰ্তীকালত সংগ্ৰহালয়ৰূপে চিহ্নিত কৰা হৈছিল। উল্লেখযোগ্য যে ১৯৭৫ চনৰ ১৫ আগষ্টত দেশখনত সামৰিক বাহিনীৰ একাংশই চলোৱা সামৰিক অভ্যুত্থানৰ সময়ত তেতিয়াৰ দেশখনৰ ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালৰ প্ৰায়সকল সদস্য ধানমণ্ডিৰ এই বাসভৱনতে আততায়ীৰ গুলীৰ আঘাতত নিহত হৈছিল।
Assamese | February 7, 2025 6:15 PM | Bangladesh | Bangladesh-Sheikh_Mujibur_Rahman_residence
বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ বাসগৃহ ধ্বংস কৰা ঘটনাৰ তীব্ৰ নিন্দা ভাৰতৰ