ফ্ৰান্সৰ ফ্ৰেন্স ৰিভেৰাত ৭৮ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ ৰেড কার্পেট আৰু আকর্ষণীয় উদ্বোধনী অনুষ্ঠানেৰে কালি আৰম্ভ হয়। ১২ দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্রবীন আমেৰিকান অভিনেতা, প্রযোজক আৰু নিৰ্দেশক ৰবাৰ্ট ডি নিৰুক সন্মানীয় পালমে ডি অ’ৰ প্ৰদান কৰা হয়। এই আন্তঃৰাষ্ট্ৰীয় চিনেমাৰ মঞ্চত ভাৰতে পুনৰ কেইবাখনো উল্লেখনীয় ছবি প্রদর্শন কৰিব। সৌমিত্ৰ ছেটাৰ্জী আৰু শর্মিলা টেগ’ৰ অভিনিত প্ৰসিদ্ধ ছবি নির্মাতা সত্যজিৎ ৰায়ৰ ১৯৭০ চনত নিৰ্মিত ছবি অৰণ্যেৰ দিন-ৰাতি ক্লাছিক শাখাত প্ৰদৰ্শন কৰা হ’ব। নিৰ্দেশক নিজ ঘেৱনৰ হোমবাউণ্ড শীৰ্ষক ছবিখন আন ছাৰ্টেইন ৰেগাৰ্ড শাখাৰ বাবে নিৰ্বাচিত হৈছে। এই মহোৎসৱত বিশিষ্ট অভিনেতা অনুপম খেৰৰ নিৰ্দেশনাৰ প্ৰথমখন ছবি তনবি : দ্যা গ্রেটৰ ৱৰ্ল্ড প্রিমিয়াৰ হ’ব।
Assamese | May 14, 2025 8:03 PM | CANNES FESTIVAL
ফ্ৰান্সৰ ফ্ৰেন্স ৰিভেৰাত ৭৮ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ