জর্জিয়াৰ বাটুমিত অনুষ্ঠিত হ’বলগীয়া ফিডে মহিলা বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ আজি গ্ৰেণ্ড মাষ্টাৰ কনেৰু হাম্পি আৰু আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ দিব্যা দেশমুখে ৰেপিড আৰু ব্লিটজ টাইব্ৰেকত মুখামুখি হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন দিনৰ এক বাজি ৩৫ মিনিটত আৰম্ভ হ’ব। টাইব্ৰেকত ১০ মিনিটৰ দুখন ৰেপিড মেচ অনুষ্ঠিত হ’ব আৰু প্ৰতিটো চালৰ পিছত ১০ ছেকেণ্ডকৈ সময় বৃদ্ধি পাব। যদিহে ফলাফল সমান হৈ থাকে, পাঁচ মিনিটৰ দুখন মেচ অনুষ্ঠিত কৰা হ’ব আৰু প্ৰতিটো চালৰ পিছত তিনি ছেকেণ্ডকৈ সময় বৃদ্ধি কৰা হ’ব। ইয়াৰ পাছতো যদিহে ফলাফল সমান হৈ থাকে, তেন্তে তিনি মিনিটকৈ দুখন ব্লিটজ মেচ অনুষ্ঠিত হ’ব। য’ত প্ৰতিটো চালৰ পিছত দুইছেকেণ্ডকৈ সময় বৃদ্ধি কৰা হ’ব।
Assamese | July 28, 2025 10:47 AM | FIDE woman's world cup chess
ফিডে মহিলা বিশ্বকাপৰ খিতাপ দখলৰ বাবে কনেৰু হাম্পি আৰু দিব্যা দেশমুখ ৰেপিড আৰু ব্লিটজ টাইব্ৰেকৰ মুখামুখি