দেশজুৰি চলি থকা ফিট ইণ্ডিয়া কাৰ্যসূচীৰ অংশস্বৰূপে ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ সহযোগত কোকৰাঝাৰ প্ৰেছ ক্লাবে চানডেজ অন চাইকেল শীর্ষক পদক্ষেপ আৰম্ভ কৰিছে। এটা স্বাস্থ্যকৰ জীৱনশৈলীৰ লগতে সুস্বাস্থ্য বৰ্তাই ৰখাৰ ক্ষেত্ৰত সজাগতা অনাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই উপলক্ষে আজি জিলাখনৰ চাইৰ বিশেষ প্রশিক্ষণ কেন্দ্ৰৰ পৰা এটা চাইকেল সমদল উলিওৱা হয়। এই সমদল জে ডি ৰোড হৈ পুনৰ চাই কেন্দ্ৰলৈ উভতি আহে।
Assamese | November 30, 2025 12:42 PM | Cyclethon at Kokrajhar with SAI
ফিট ইণ্ডিয়া কাৰ্যসূচীৰ অংশস্বৰূপে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ চানডেজ অন চাইকেল শীর্ষক কাৰ্যসূচী