June 8, 2026 11:29 AM | Jubin garg

printer

ফাষ্টট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি আৰম্ভ হ’ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে ৪ জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শ‍ইকীয়া, আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্টট্রেক আদালতে যোৱা ২৬ মে’ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ৭ গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে আজিৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।