February 9, 2025 12:12 PM | air guawahati dristipat

printer

ফলাফলৰ বাবে কোনো ধৰণৰ অতিৰিক্ত চাপ নোলোৱাকৈ শিক্ষাৰ্থীসকল পৰীক্ষাত অৱতীৰ্ণ হোৱা উচিত বুলি দৃষ্টিপাত অনুষ্ঠানত মনোৰোগ বিশেষজ্ঞৰ প্ৰকাশ

পৰীক্ষাৰ সময়চোৱা ছাত্ৰ জীৱনৰ সম্পূৰ্ণ স্বাভাৱিক অংশ হিচাপে গন্য কৰি ফলাফলৰ বাবে কোনো ধৰণৰ অতিৰিক্ত চাপ নোলোৱাকৈ শিক্ষাৰ্থীসকল পৰীক্ষাত অৱতীৰ্ণ হোৱা উচিত। আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কালি অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপর্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁলোকে কয়, যে পৰীক্ষাৰ বাবে পিতৃ-মাতৃ বা অভিভাৱকে ছাত্র-ছাত্ৰীক অনাহক চাপ দিয়াৰ পৰিৱৰ্তে তেওঁলোকক ইতিবাচক মানসিকতাৰে উৎসাহিত কৰা প্ৰয়োজন। তদুপৰি শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকে ছাত্ৰ-ছাত্ৰীৰ সৈতে মুকলিকৈ আৰু অন্তৰংগভাৱে কথা পতা আৰু সান্নিধ্যত থকা প্ৰয়োজন বুলি তেওঁলোকে উল্লেখ কৰে।
ম’বাইল ফোনৰ ব্যৱহাৰ নিয়ন্ত্ৰণ সন্দৰ্ভত মনোৰোগ বিশেষজ্ঞ ডাঃ হাজৰিকাই এদিনত দুঘণ্টাতকৈ অধিক ম’বাইল ফোন ব্যৱহাৰ কৰাটোৱে ইয়াৰ প্ৰতি আসক্তি সূচায় আৰু সেয়েহে শিক্ষাৰ্থীৰ লগতে পৰিয়ালৰ সকলোৱে নিৰ্দিষ্ট সময়ৰ বাবেহে ম’বাইল ফোন ব্যৱহাৰ কৰাৰ লগতে কিছুসময় একেবাৰে ম’বাইল ফোনটো ব্যৱহাৰ নকৰাকৈ থকাটো অভ্যাসত পৰিণত কৰা উচিত বুলি মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।