ৰাজ্যত ফটোযুক্ত ভোটদাতা তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ বাবে মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ে সময়সূচী ঘোষণা কৰিছে। এই অনুসৰি খচৰা ভোটাৰ তালিকা ১২ নৱেম্বৰত প্ৰকাশ কৰা হ’ব। ভোটাৰ তালিকা সন্দৰ্ভত কোনো দাবী বা আপত্তি থাকিলে ১১ ডিচেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব। ২৮ ডিচেম্বৰৰ ভিতৰত এই আপত্তিসমূহৰ নিষ্পত্তি কৰি অহা বছৰৰ ৪ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হ’ব বুলি মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে প্রকাশ কৰিছে। দেশৰ ১৪ খন ৰাজ্য আৰু ৩ খন কেন্দ্রীয়শাসিত অঞ্চলতো বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া ৰূপায়ণ কৰা হ’ব। ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে শুদ্ধ আৰু ত্রুটিমুক্ত ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ লক্ষ্যৰে এই বিশেষ সংশোধনী প্রক্রিয়া গ্রহণ কৰা হৈছে। তদুপৰি ভোটকেন্দ্ৰসমূহৰ যুক্তিযুক্তকৰণ আৰু পুনৰ ব্যৱস্থাপনাৰ বাবেও ব্যৱস্থা লোৱা হৈছে।
নির্বাচন আয়োগৰ পূৰ্বানুমতি অবিহনে কোনো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ সংখ্যা এহেজাৰ ২০০ গৰাকীতকৈ বেছি হ’ব নোৱাৰিব। ভোটদাতাই যাতে ভোটদানৰ বাবে ২ কিলোমিটাৰতকৈ বেছি দূৰত্ব ভ্ৰমণ কৰিবলগীয়া নহয় আৰু কোনো প্রাকৃতিক বাধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ প্ৰতি বিশেষ লক্ষ্য ৰখা হ’ব। ভোটদাতাৰ সুবিধালৈ লক্ষ্য ৰাখি ভোটগ্রহণ কেন্দ্ৰসমূহ ভূমি মহলাত স্থাপন কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হৈছে ।
চহৰৰ বস্তি অঞ্চল, উচ্চ অট্টালিকা আৰু আৱাসিক কলনিসমূহত নতুন ভোটগ্রহণ কেন্দ্ৰ স্থাপনৰ বাবে বিশেষ জৰীপ চলোৱা হ’ব। প্ৰস্তাৱিত নতুন ভোটগ্রহণ কেন্দ্ৰৰ প্ৰয়োজনীয়তা মূল্যায়ন কৰাৰ লগতে বৰ্তমানৰ আৰু নতুনকৈ প্ৰস্তাৱিত সকলো কেন্দ্ৰৰ এশ শতাংশ কায়িক পৰীক্ষণ কৰা হ’ব। জিলা নির্বাচনী বিষয়াসকলে জ্যেষ্ঠ বিষয়াৰ জৰিয়তে এই পৰীক্ষণ নিশ্চিত কৰিব। ৰাজ্যিক নির্বাচন আয়োগে জনোৱা মতে নতুন ভোটগ্রহণ কেন্দ্ৰৰ প্ৰস্তাৱ চূড়ান্ত কৰাৰ পূৰ্বে স্বীকৃত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতেও আলোচনা কৰা হ’ব। বিশেষ সংক্ষিপ্ত সংশোধনীৰ সময়ছোৱাত দ্বৈত নাম, মৃত ভোটদাতা আৰু স্থায়ীভাৱে স্থানান্তৰিত ভোটদাতাসকলৰ নাম চিনাক্ত কৰি নিৰ্ধাৰিত নিয়ম অনুসৰি ভোটাৰ তালিকাৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ বাবে প্ৰপত্ৰ-৭ৰ জৰিয়তে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।