গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা পৱণ খেড়াক অহা ৩ জুলাইত হাজিৰ হ’বলৈ চমন জাৰি কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই ৰুজু কৰা এটা গোচৰৰ ভিত্তিত অপৰাধ শাখাই কংগ্ৰেছ নেতাজনক পুনৰ সোধাপোচাৰ বাবে হাজিৰ হ’বলৈ চমন জাৰি কৰিছে। উল্লেখযোগ্য যে, কংগ্ৰেছ নেতা খেড়াই মুখ্যমন্ত্ৰীৰ পত্নীৰ ৩ খনকৈ বিদেশী পাছপ’ৰ্ট থকাৰ লগতে বিদেশত সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু এনে অভিযোগত ভিত্তিহীন আখ্যা দি ৰিণিকী ভূঞা শৰ্মাই খেড়াৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ শাখাত গোচৰ ৰুজু কৰিছিল।
Assamese | June 13, 2026 7:29 PM | Paban khera
পৱণ খেড়াক অহা ৩ জুলাইত হাজিৰ হ’বলৈ চমন জাৰি মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ