September 22, 2026 8:36 PM

printer

পৰ্যটন ভিছা লৈ মালয়েছিয়ালৈ যোৱা ভাৰতীয় নাগৰিকসকলক কর্মসংস্থানৰ সুবিধা গ্ৰহণ নকৰিবলৈ আহ্বান কোৱালালামপুৰস্থিত ভাৰতীয় উচ্চায়ুক্তৰ

কোৱালালামপুৰত ভাৰতীয় উচ্চায়ুক্তই পৰ্যটন ভিছা লৈ মালয়েছিয়ালৈ যোৱা ভাৰতীয় নাগৰিকসকলক তাত কর্মসংস্থানৰ সুবিধা গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে। উচায়ুক্তগৰাকীয়ে কয় যে ৩০ দিনীয়া ভিছামুক্ত সুবিধা গ্ৰহণ কৰি মালয়েছিয়াত কর্মসংস্থাপন বিচাৰি উপস্থিত হোৱা ভাৰতীয় নাগৰিকৰ সংখ্যা লক্ষ্যণীয়ভাৱে ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

বহু ভাৰতীয় নাগৰিকক কর্মসংস্থাপন লাভৰ মিছা প্ৰতিশ্ৰুতি দি অসাধু চক্রই বিপথে পৰিচালিত কৰি আহিছে, যাৰ বিৰুদ্ধে অবৈধ মর্যাদা, শোষণ, আটক আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ই হৈছে অনুপ্ৰবেশ নীতিৰ স্পষ্ট উলংঘা, কাৰণ পাৰপত্ৰ থকা ভাৰতীয় নাগৰিকসকলৰ মালয়েছিয়াত ৩০ দিনলৈকে থাকিবলৈ দিয়া বিনামূলীয়া ভিছাৰ সুবিধা কেৱল পৰ্যটন আৰু সামাজিক ভ্ৰমণৰ বাবেহে প্ৰদান কৰি অহা হৈছে।

উচ্চায়ুক্তগৰাকীয়ে লগতে কয় যে প্রকৃত পর্যটকসকলে বৈধ আৰু পৰীক্ষা সম্বলিত নথিপত্র, যেনে- ভ্ৰমণৰ টিকট, হোটেল বুকিঙৰ নথিপত্র তথা মালয়ছিয়ান ডিজিটেল এৰাইভেল কার্ড মালয়েছিয়াত উপস্থিত হোৱাৰ তিনিদিন আগতে জমা দিব লাগিব আৰু ন্যূনতম ছমাহৰ বৈধ পাৰপত্ৰ লগত লৈ যাব লাগিব।