ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পৰিৱেশ বিষয়ক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। দুদিনীয়া এই সন্মিলনত পৰিৱেশ বিশেষজ্ঞ, নীতি নিৰ্ধাৰক আৰু পৰিৱেশ কৰ্মীসকলে পৰিৱেশ সম্পৰ্কীয় জটিল সমস্যাসমূহৰ কাৰ্যকৰী সমাধান সূত্র অন্বেষণৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা কৰিব। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে এই সন্মিলনৰ আয়োজন কৰিছে। সন্মিলনত চাৰিটা গুৰুত্বপূৰ্ণ সত্ৰ অনুষ্ঠিত হ’ব আৰু বিভিন্ন সত্ৰত জলবায়ু পৰিৱৰ্তন, জনসংখ্যা নিয়ন্ত্রণ, জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু স্থায়ী বিকাশকে ধৰি পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ’ব।
Assamese | March 29, 2025 11:36 AM | Prez
পৰিৱেশ বিষয়ক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে