পৰিয়াল আৰু সমাজলৈ মাতৃসকলে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতি বছৰৰ মে’ৰ দ্বিতীয়টো দেওবাৰে এই দিৱস উদযাপন কৰা হয় ৷ এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়৷ অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনায় অনুস্থানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে অসম প্ৰতিগৰাকীৰ মাতৃৰ কল্যাণৰ হকে কাম কৰি যাবলৈ সংকল্পবদ্ধ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাতৃ দিৱসত প্ৰতিগৰাকী মাতৃক শ্রদ্ধা জনোৱাৰ লগতে দেশৰ প্ৰতিকূল সময়ত নিজৰ সন্তানক দেশমাতৃৰ সেৱাত আগবঢ়াই দিয়াটো অতুলনীয় সাহস আৰু উদাৰতাৰ নিদৰ্শন বুলি মন্তব্য কৰে। এনে মাতৃ সকলৰ ত্যাগ, ধৈৰ্য্য আৰু দেশপ্ৰেমে ৰাষ্ট্ৰক শক্তিশালী কৰি তোলে বুলি তেওঁ মন্তব্য কৰে। শিক্ষামন্ত্রী ডাঃ ৰনোজ পেগুৱেও মাতৃ দিৱসৰ পবিত্ৰ ক্ষণত মাতৃসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।
Assamese | May 11, 2025 7:48 PM | Mother's Day
পৰিয়াল আৰু সমাজলৈ মাতৃসকলৰ অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন