June 18, 2024 12:34 PM | Bishnu Rabha Diwas

printer

পৰহিলৈ দৰং মহাবিদ্যালয় প্রেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস উদযাপন

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত পৰহিলৈ দৰং মহাবিদ্যালয় প্রেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে চলিত বছৰৰ বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশ লৈ বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুর্লভ ভট্টাচাৰ্যক ২০২৪ বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰিব। তদুপৰি অসমৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা ৯ গৰাকী স্বনামধন্য ব্যক্তিক এটা ৰাষ্ট্ৰীয় আৰু ৮টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হ’ব। ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজানপীৰ বঁটা প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা আনোৱাৰ হুছেইনক প্ৰদান কৰা হ’ব। আনহাতে, ৮টা ৰাজ্যিক পৰ্যায়ৰ বঁটা ক্ৰমে চলিত বছৰৰ গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা, সংগীত শিল্পী স্বাশ্বতী ভট্টাচার্যক, অমল প্রভা দাস বঁটা শিক্ষয়িত্ৰী তথা শিল্পী বন্দনা দত্তক চন্দ্ৰপ্ৰভা শ‍ইকীয়ানী বঁটা, বিশিষ্ট সমাজসেৱিকা ড° সুনীতা চাংকাকতিক আৰু মামণি ৰয়চম গোস্বামী বঁটা বিশিষ্ট সাহিত্যিক ড° কৰৱী ডেকা হাজৰিকাক প্ৰদান কৰা হ’ব। একেদৰে চলিত বছৰৰ চৈয়দ আব্দুল মালিক বঁটা সাহিত্যিক জয়ন্ত মাধৱ বৰাক, আহমদ আলী বাঁশকান্দী বঁটা তৰেন চন্দ্ৰ বড়োক, গণেশ গগৈ বঁটা বিশিষ্ট কবি আনিজ উজ জামানক আৰু বীৰ ৰাঘৱ মৰাণ বঁটা সাহিত্যিক, সমাজসেৱী জীৱেশ্বৰ মহনক প্ৰদান কৰা হ’ব। এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সেইদিনা দিনৰ ১০ বজাৰ পৰা বিষ্ণু প্ৰসাদ ৰাভাৰ গীত আৰু কবিতাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।