জাগীৰোডৰ জোনবিলৰ পাৰত পৰহিলৈৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ’ব। মেলা সমিতিয়ে ইতিমধ্যে ইয়াৰ বাবে প্রস্তুতি চলাইছে। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদর্শন দেখিবলৈ পোৱা যাব। পৰহিলৈ পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ লগতে তিৱা জাতীয় জীৱনৰ সৈতে জড়িত গৃহ মুকলি কৰা হ’ব। সেইদিনাই পাহাৰৰ মামা মামীসকল সামগ্রী বিনিময়ৰ বাবে মেলালৈ আহিব। ২৩ জানুৱাৰীৰ কাহিলী পুৱাতে ঐতিহাসিক বিনিময় প্রথাৰে হাট মুকলি কৰা হ’ব। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হ’ব। কাৰ্যসূচীৰ অংশ হিচাপে মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজ দৰবাৰত ২২ গৰাকী তিৱা ৰজাক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজভাট্টা প্ৰদান কৰিব। ইয়াৰ লগতে তিৱা আৰু অসমীয়া ভাষাৰ কবি সম্মিলন, বিভিন্ন নৃত্য-গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হ’ব।
Assamese | January 20, 2026 11:58 AM | Jonbil Mela
পৰহিলৈৰ পৰা ২৪ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা