দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই প্ৰৱঞ্চনা আৰু জালিয়াতিৰ সংক্ৰান্তত অল ফলাহ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে দুখন সুকীয়া এজাহাৰ দাখিল কৰিছে। দিল্লী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে অপৰাধ অনুসন্ধানৰ এটা দলে কালি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ অখলাত থকা অল ফলাহ বিশ্ববিদ্যালয়ৰ কাৰ্যালয় পৰিদৰ্শন কৰে। দিল্লী আৰক্ষীয়ে বিশ্ববিদ্যালয়খনলৈ জাননী প্ৰেৰণ কৰিছে আৰু কিছুমান নথি পত্ৰ বিচাৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু ৰাষ্ট্ৰীয় মূল্যায়ন তথা প্রত্যায়ন পৰিষদৰ পৰ্যালোচনা সময়ত ব্যাপক খেলি-মেলিৰ কথা পোহৰলৈ অহাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।
Assamese | November 16, 2025 11:15 AM | Delhi Police lodges FIR against AL Falah University
প্ৰৱঞ্চনা আৰু জালিয়াতিৰ সংক্ৰান্তত অল ফলাহ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ এজাহাৰ