June 8, 2026 12:29 PM | West Bengal

printer

প্ৰায় ৪,৮০০ অবৈধ অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে বুলি শুভেন্দু অধিকাৰীৰ প্ৰকাশ

পশ্চিমবংগৰ সীমান্ত জিলাত থকা ডিটেনচন কেন্দ্ৰসমূহৰ পৰা প্ৰায় ৪ হাজাৰ ৮০০ অবৈধ অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে আৰু ৮৩৬ জন লোকক দেশান্তৰিত কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে। পশ্চিমবংগৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে এই কথা প্ৰকাশ কৰিছে। অবৈধ অনুপ্ৰৱেশকাৰী এটা বৃহৎ সমস্যা বুলি উল্লেখ কৰি শ্রীঅধিকাৰীয়ে কয়, যে তেওঁৰ চৰকাৰে ইতিমধ্যে ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তাৰ বাবে প্রয়োজনীয় ৫৫৬ কিলোমিটাৰৰ ভিতৰত প্ৰায় ১০০ কিলোমিটাৰ সীমান্ত বেৰৰ বাবে বি এছ এফক ভূমি প্ৰদান কৰিছে। শ্রীঅধিকাৰীয়ে তেওঁৰ চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ আওঁতাত নপৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ দেশান্তৰকৰণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে আৰু এই লোকসকলক পোনপটীয়াকৈ বি এছ এফৰ হাতত গতাই দিয়া হৈছে বুলি জানিবলৈ দিয়ে। ৰাজ্যখনত পূৰ্বৰ চৰকাৰখনে লোকপিয়লৰ কাম আৰম্ভ কৰা নাছিল বুলি অভিযোগ কৰি শ্রীঅধিকাৰীয়ে কয়, যে বিজেপি চৰকাৰে বৰ্তমান এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু অহা ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ গৃহ পিয়ল কৰা হ’ব । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে বিজেপিয়ে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যখনৰ ৩০ লাখ মহিলাক অন্নপূর্ণ যোজনা আঁচনিৰ অধীনত ৩ হাজাৰ টকাকৈ প্ৰদান কৰিছে।