August 4, 2026 6:54 PM | Anandiram das

printer

প্ৰসিদ্ধ গীতিকাৰ আনন্দিৰাম দাসৰ পূণ্য তিথি উপলক্ষে শিল্পীগৰাকীলৈ শ্রদ্ধা নিবেদন

প্ৰসিদ্ধ গীতিকাৰ আনন্দিৰাম দাসৰ পূণ্য তিথি উপলক্ষে আজি তেওঁৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হৈছে। বন কোঁৱৰ উপাধিৰে সন্মানিত দাসক বনগীতৰ স্ৰষ্টা বুলিও অভিহিত কৰা হৈছিল। অসমীয়া চলচ্চিত্র বদন বৰফুকন, লাচিত বৰফুকন, পাৰঘাট আৰু ভক্ত প্ৰহ্লাদৰ বাবে গীত ৰচনা কৰা গীতিকাৰ গৰাকীয়ে বিৰহী আৰু সুৰ নিজৰা নামৰ দুখন প্ৰকাশিত গীতৰ সংকলনেৰে অসমীয়া গীতি সাহিত্যক চহকী কৰি থৈ গৈছে। ১৯৫৯ চনত গুৱাহাটীৰ প্ৰগতি শিল্পী সংঘই তেওঁক বনকোঁৱৰ আৰু নিউ আৰ্ট প্লেয়াৰ্ছে বনগীতৰ ওজা উপাধিৰে সন্মানিত কৰিছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্বনামধন্য শিল্পীগৰাকীৰ পূণ্য তিথি উপলক্ষে শ্রদ্ধা জ্ঞাপন কৰি দিয়া বাৰ্তাত তেওঁৰ গীতসমূহে অসমীয়া সংগীতক সমৃদ্ধ কৰাৰ লগতে বহু প্রজন্মৰ হৃদয় স্পৰ্শ কৰি আহিছে। শিল্পীগৰাকীৰ সৃষ্টিৰাজি আজিও সমানেই প্রাসঙ্গিক আৰু প্ৰেৰণাদায়ক বুলি তেওঁ মন্তব্য কৰে ।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে বনকোঁৱৰ আনন্দিৰাম দাসৰ অৱদানে অসমীয়া গীতি সাহিত্য তথা সংগীত জগতক স্বকীয় মর্যাদা প্ৰদান কৰি গৈছে বুলি মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।