July 25, 2026 11:56 AM | modi on paper leak

printer

প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনা ৰোধ আৰু দোষীক কঠোৰ শাস্তি বিহাৰ উদ্দেশ্যে অহা সংসদত নতুন বিধেয়ক উত্থাপন কৰা হ’বঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন সম্পৰ্কীয় ভিডিঅ’ বার্তা সন্দৰ্ভত লাভ কৰা দিহা-পৰামৰ্শৰ বাবে জনসাধাৰণক ধন্যবাদ জনাইছে। প্রধানমন্ত্রীয়ে কয়, যে প্রশ্নকাকত দৰে ঘটনা ৰোধ কৰাৰ লগতে দোষীসকলক কঠোৰ শাস্তি বিহাৰ উদ্দেশ্যে অহা সপ্তাহত সংসদত এখন নতুন বিধেয়ক উত্থাপন কৰা হ’ব।

 খচৰা বিধেয়কখনত মন্ত্ৰীসভাই কালি অনুমোদন জনোৱা বুলি তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে কয়, যে জনসাধাৰণৰ সৈতে তেওঁৰ সম্পৰ্ক বিশ্বাস তথা সহযোগ আধাৰিত আৰু এই সম্পৰ্ক আগলৈও অব্যাহত থাকিব।