May 15, 2024 7:58 PM | Pabir purakyasta

printer

প্ৰবীৰ পুৰকায়স্থক মুকলি কৰি দিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে নিউজ ক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থক মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে। ন্যায়াধীশ বি আৰ গাৱাই আৰু সন্দীপ মেহতাক লৈ গঠিত এখন বিচাৰপীঠে আজি গোচৰটো সংক্ৰান্তত ন্যায়িক জিম্মাত ৰখাৰ প্ৰতিলিপি দাখিল কৰিব নোৱাৰাৰ বাবে প্ৰতিষ্ঠাপক গৰাকীৰ গ্ৰেপ্তাৰ বৈধ নহয় বুলি মত প্ৰকাশ কৰে। অৱশ্যে ন্যায়ালয়ে প্রবীৰ পুৰকায়স্থৰ জামিনৰ বাবে চৰ্ত আৰোপ কৰিব। যোৱা বছৰ ৩ অক্টোবৰত নিউয়র্ক টাইমছে চলোৱা অনুসন্ধান অনুসৰি চীনৰ স্বাৰ্থৰ হকে কাম কৰা এটা গোষ্ঠীয়ে নিউজ ক্লিকক বিত্ত যোগান ধৰা বুলি অভিযোগ উত্থাপিত হোৱাৰ কিছুদিনৰ পাছত বে-আইনী কার্যকলাপ প্ৰতিৰোধী আইন, সন্ত্ৰাসবাদ প্ৰতিৰোধী আইনৰ অধীনত পুৰকায়স্থক গ্ৰেপ্তাৰ কৰা হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।