চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে চৰকাৰে আবেদন আহ্বান কৰিছে। অহা ৩১ জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধার্য কৰা হৈছে। সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্রীড়া, কলা-সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্রত প্ৰদৰ্শন কৰা ব্যতিক্ৰমী কৰ্মৰ বাবে ৰাষ্ট্ৰপতিৰ জৰিয়তে শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.in ত ৰাষ্ট্ৰীয় পুৰস্কাৰ প’ৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে।
Assamese | June 7, 2026 7:37 PM | PM Rashtriya Bal Puraskar
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে চৰকাৰৰ আবেদন আহ্বান