প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ত আজি প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ AI Holobox উদ্বোধন কৰা হয়। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লোক উপস্থিত থাকে।
প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ জীৱনৰ অভিজ্ঞতা, নেতৃত্ব আৰু দেশৰ প্ৰতি আগবঢ়োৱা অৱদানৰ সন্মানার্থে এই AI Holobox উদ্বোধন কৰা হয়।
প্রাক্তন প্রধানমন্ত্রী বাজপেয়ীৰ দিনত হোৱা ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ক কার্গিল বিজয় দিৱসৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। এই পদক্ষেপৰ দ্বাৰা অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বৰ লগতে দেশৰ সশস্ত্র বাহিনীৰ প্ৰতিও সম্মান প্রদর্শন কৰা হয়।
এই AI Holobox -এ কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে দেশৰ বিশিষ্ট নেতাসকলৰ অৱদান, দৃষ্টিভংগী আৰু ধাৰণা থ্রী-ডি ৰূপত উপস্থাপন কৰিব। মহাত্মা গান্ধী, চৰ্দাৰ বল্লভ ভাই পেটেল, অটল বিহাৰী বাজপেয়ী আৰু ড০ এ পি জে আব্দুল কালামৰ সৈতে দর্শনার্থীসকলে বিশেষ ধৰণে কথা পাতিবলৈ সুযোগ লাভ কৰিব।