লোকসভা নিৰ্বাচনৰ ৭৫ বছৰীয়া ইতিহাসত বিধি বলৱৎকাৰী সংস্থাসমূহে এইবাৰ অভিলেখ পৰিমাণৰ ধন জব্দ কৰিছে। সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে সংস্থাসমূহে যোৱা ১ মাৰ্চৰ পৰা প্ৰতিদিনে এশ কোটি টকা জব্দ কৰিছে। দেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিধি বলৱৎকাৰী সংস্থাসমূহে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে এই পর্যন্ত দেশত ৪,৬৫০ কোটি টকাতকৈ অধিক মূল্যৰ সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হৈছে। তথ্য অনুসৰি ৩৯৫ কোটিৰো অধিক ধনৰ লগতে ৪,০৮৯ কোটি টকা মূল্যৰ সুৰা জব্দ কৰা হৈছে। ইয়াৰ লগতে ৫৬২ কোটি টকা মূল্যৰ সোণ আৰু ১,১৪২ কোটি টকা মূল্যৰ অন্যান্য সামগ্ৰী জব্দ কৰা হৈছে। উল্লেখযোগ্য যে ২০১৯ চনৰ নিৰ্বাচনৰ সময়ত আয়োগে ৩,৪৭৫ কোটি মূল্যৰ সামগ্রী জব্দ কৰিছিল। আয়োগে প্ৰকাশ কৰা মতে অবৈধ ধনৰ বিৰুদ্ধে আয়োগৰ স্থিতি পৰৱৰ্তী সময়তো কঠোৰ হৈ থাকিব আৰু অভিযান অব্যাহত থাকিব।
Assamese | April 15, 2024 7:07 PM | ECI
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বিধি বলৱৎকাৰী সংস্থাসমূহৰদ্বাৰা দেশত ৪,৬৫০ কোটি টকাতকৈ অধিক মূল্যৰ সামগ্ৰী জব্দ