ৰাজ্যত কালি আৰম্ভ হোৱা চলিত বছৰৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি দ্বিতীয় দিনা শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে লখিমপুৰ জিলাৰ পদ্মনাথ গোহাঁইবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি কাৰ্যসূচীৰ বুজ লয়। ১১ খন জিলাত হোৱা এই কাৰ্যসূচীৰ অংশ হিচাপে আজি বহিঃমূল্যায়ন কৰা হৈছে। ৭ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত হ’বলগীয়া এই গুণোৎসৱ ৰাজ্যৰ শিক্ষা খণ্ডৰ গুণগত মান নিশ্চিতকৰণৰ নিৰন্তৰ প্রয়াস বুলিও শিক্ষা মন্ত্রীয়ে মন্তব্য কৰিছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ১৩৯ খন বিদ্যালয়ৰ ১৯ হাজাৰ ২৮৫ গৰাকী শিক্ষাৰ্থীৰ এই পৰ্যায়ত বহিঃমূল্যায়ণ কৰা হৈছে। কালি কাৰ্যসূচীৰ প্ৰথম দিনা শিক্ষাৰ্থীসকলৰ স্বমূল্যায়ন কৰা হৈছিল। জিলাখনত গুণোৎসৱৰ বাবে ৰাজ্য চৰকাৰৰ ৬ গৰাকী জ্যেষ্ঠ বিষয়াক বহিঃমূল্যায়ক হিচাপে নিযুক্তি দিয়া হৈছে। কোকৰাঝাৰ জিলাতো আজি গুণোৎসৱৰ বহিঃমূল্যায়ন কৰা হৈছে। কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীয়ে আজি কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু মজলীয়া বিদ্যালয়ৰ এই কাৰ্যসূচীত অংশ লয়। শিৱসাগৰ জিলাতো এহেজাৰ ২৪১ খন শিক্ষানুষ্ঠানৰ ৭০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক সামৰি গুণোৎসৱ অনুষ্ঠিত হৈছে।
Assamese | January 7, 2025 1:41 PM | guntsov
প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় দিনা ডাঃ ৰণোজ পেগুৰ লখিমপুৰ জিলা পৰিদৰ্শন