কেন্দ্ৰীয় চৰকাৰে প্ৰতি তিনি কিলোমিটাৰ এলেকাত এটা ডাকঘৰ নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথা প্ৰকাশ কৰে। ৰাজ্যসভাত আজি যোগাযোগ ৰাজ্য মন্ত্ৰী চন্দ্ৰশেখৰ প্ৰেম্মাচানীয়ে এটা প্ৰশ্নৰ উত্তৰত কয়, যে বিগত ১০ বছৰত ১০ হেজাৰ ৫০০ টা নতুন ডাকঘৰ নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰে ৯০ শতাংশ গ্ৰাম্যাঞ্চলত। তেওঁ আৰু উল্লেখ কৰে যে, ৫ হাজাৰতকৈও অধিক নতুন ডাকঘৰ বাঁওপন্থী উগ্রবাদ প্রভাবিত অঞ্চলত নিৰ্মাণ কৰা হৈছে। শ্ৰী প্রেম্মাচানীয়ে স্পষ্ট কৰি কয়, যে বিগত ৫ বছৰত ডাকঘৰৰ কোনো কৰ্মচাৰী হ্ৰাস কৰা হোৱা নাই। তেওঁ জনায় যে, বৰ্তমান সমগ্ৰ দেশৰ এক লাখ ৬৫ হাজাৰ ডাকঘৰত ৫০ হাজাৰ কৰ্মচাৰী নিয়োগ হৈ আছে।
Assamese | December 5, 2024 8:37 PM | India Post | Post
প্ৰতি ৩কিলোমিটাৰ এলেকাত এটা ডাকঘৰ নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্ধাৰণৰ কথা প্ৰকাশ কেন্দ্ৰীয় চৰকাৰৰ