প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানেই ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠকৰ বাবে আজি কাজাখস্তানৰ আস্তানালৈ যাবলগীয়া ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিব। এই বৈঠকত সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ ভিতৰত আঞ্চলিক নিৰাপত্তাজনিতবিষয়সমূহৰ উপৰি প্ৰতিৰক্ষা সহযোগিতাৰ উদ্যমসমূহৰ পৰ্যালোচনা চলোৱা হ’ব। দুদিনীয়া এই ভ্ৰমণৰ সময়চোৱাত মন্ত্ৰী পৰ্য্যায়ৰ বৈঠকত প্ৰতিৰক্ষা সচিবগৰাকীয়ে ভাৰতৰ হৈ বক্তব্য প্ৰদান কৰিব। তেওঁ সংস্থাৰ মৈত্ৰী ৰাষ্ট্ৰসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সৈতেও বৈঠকত মিলিত হ’ব আৰু দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত আলোচনা কৰিব।
Assamese | April 25, 2024 11:35 AM | Giridhar Armane
প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানেৰ নেতৃত্বত কাজাখস্তানৰ আস্তানালৈ ভাৰতীয় দল গমন