প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি তিনি দিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ যাব। এই ভ্ৰমণকালত তেওঁ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলোছভৰ সৈতে মস্কোত সেনা আৰু সামৰিক প্ৰযুক্তি সহযোগিতা সম্পৰ্কীয় ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ ২১ সংখ্যক বৈঠকত সহ-অধ্যক্ষতা কৰিব। বৈঠকত মন্ত্ৰী দুগৰাকীয়ে সামৰিক আৰু ঔদ্যোগিক সহযোগিতাৰ ক্ষেত্ৰত দেশ দুখনৰ মাজত থকা বহুমুখী সম্পৰ্কৰ পৰ্যালোচনা কৰিব। পাৰস্পৰিক স্বার্থজড়িত সমসাময়িক আঞ্চলিক আৰু বিশ্বত চলি থকা বিষয়সমূহৰ সন্দৰ্ভতো আলোচনা কৰিব। ভ্রমণসূচীৰ অংশ হিচাপে ৯ ডিচেম্বৰত কালিনিনগ্রাডত শ্রীসিঙে ভাৰতীয় নৌবাহিনীৰ আই এন এছ টুছিলৰ অন্তৰ্ভুক্তি কৰিব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মস্কোত থকা স্মাৰকত দ্বিতীয় বিশ্বযুদ্ধত শ্বহীদ হোৱা ছোভিয়েট সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। মস্কোত থকা প্ৰবাসী ভাৰতীয়সকলৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মত-বিনিময় অনুষ্ঠানত ভাগ
ল’ব।
Assamese | December 8, 2024 11:43 AM | Rajnath Singh Russia Visit
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ তিনি দিনীয়া ৰাছিয়া ভ্ৰমণসূচী