জম্মু-কাশ্মীৰত তীর্থযাত্ৰীৰ বাবে বিগত কেইবাদিনো ধৰি বন্ধ হৈ থকা শ্ৰীমাতা বৈষ্ণোদেৱী যাত্ৰা আজি পুনৰ মুকলি কৰাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত এই যাত্রা বন্ধ থাকিব। উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰৰ ৰেইচি জিলাত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত শ্ৰীমাতা বৈষ্ণোদেৱী সমিতিয়ে কালি সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰে।
উল্লেখযোগ্য যে, ভূমিস্খলন আৰু প্ৰবল বৰষুণৰ বাবে তীর্থযাত্ৰীৰ সুৰক্ষাৰ কথা বিবেচনা কৰি যোৱা ২৬ আগষ্টৰ পৰা শ্ৰীমাতা বৈষ্ণোদেৱীলৈ যাত্ৰা স্থগিত ৰখা হৈছিল। পৰৱৰ্তী যাত্ৰা কেতিয়া মুকলি কৰা হ’ব এই সন্দৰ্ভত সৱিশেষ জানিবলৈ শ্ৰীমাতা বৈষ্ণোদেৱী সমিতিৰ সৈতে তীর্থযাত্ৰীসকলক যোগাযোগ কৰিবলৈ কৰ্তৃপক্ষই আহ্বান জনাইছে।
Assamese | September 14, 2025 12:21 PM | Vaishno Devi
প্ৰতিকূল বতৰৰ বাবে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত শ্ৰীমাতা বৈষ্ণোদেৱী যাত্ৰা বন্ধ থাকিব