June 18, 2026 7:47 PM | Pabitra Margherita

printer

প্রয়াত কবি জোনমণি দাসৰ পৰিয়ালক সাক্ষাৎ ৰাজ্য মন্ত্রী পৱিত্র মাৰ্ঘেৰিটাৰ

বৈদেশিক পৰিক্ৰমা আৰু বস্ত্র মন্ত্রালয়ৰ ৰাজ্য মন্ত্রী পবিত্র মাৰ্ঘেৰিটাই আজি প্রয়াত কবি জোনমণি দাসৰ পৰিয়ালক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসংযোগ অভিযানৰ অংশ হিচাপে শিৱসাগৰৰ থানামুখত থকা প্রয়াত দাসৰ বাসগৃহত গৈ তেওঁৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে মাৰ্ঘেৰিটা পৰিয়ালৰ উদ্যোগত চলি অহা সাহিত্যিক দেওৰাম তাছা সোঁৱৰণী স্কলাৰশ্বিপৰ অধীনত জোনমণি দাসৰ জ্যেষ্ঠ সন্তানৰ শিক্ষাৰ ব্যয় বহন কৰাৰ কথা ঘোষণা কৰে। তেওঁ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অনুমোদিত ১ লাখ টকাৰ আৰ্থিক সাহায্যও অচিৰেই পৰিয়ালক প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।