প্রাচ্যতত্ববিদ বিশিষ্ট সাহিত্যিক, অধ্যাপক থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকালৈ আজি অসম সাহিত্য সভাৰ সদস্য মহীয়ান সন্মান আগবঢ়োৱা হ’ব। একেদৰে গৱেষক, সাহিত্যিক, অধ্যাপক আনন্দ বৰমুদৈ, বিশিষ্ট সাহিত্যিক, অধ্যাপক ইদ্রিছ আলী, বিশিষ্ট ভাষাবিদ, অধ্যাপক ভীমকান্ত বৰুৱা আৰু গৱেষক সাহিত্যিক, অধ্যাপক কৰবী ডেকা হাজৰিকাক সাহিত্যচাৰ্য সন্মানেৰে বিভূষিত কৰা হ’ব। বিশিষ্ট কবি সাহিত্যিক আনিছ উজ জামানক জাতীয় কবি উপাধি প্ৰদান কৰাৰ লগতে সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাৰ সভাপতিত্বত আজি দিনৰ ১১ বজাত অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ লক্ষীৰাম বৰুৱা সদনত আয়োজিত এই বছৰৰ সমাৱৰ্তন অনুষ্ঠানত এই সন্মানসমূহ প্ৰদান কৰা হয়। অনুষ্ঠানত সাহিত্যিক হৰেকৃষ্ণ ডেকা মুখ্য অতিথি ৰূপে আৰু কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পূৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচার্য অধ্যাপক দীপক কুমাৰ শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে সদস্য মহীয়ান, সাহিত্যাচাৰ্য আৰু জাতীয় কবি সন্মানেৰে বিভূষিত বিশিষ্ট সাহিত্যিক, ভাষাবিদ আৰু গেৱষক কেইগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী দাসে সামাজিক মাধ্যমযোগে কৈছে যে এই ব্যক্তিকেইগৰাকীয়ে জাতিৰ দাপোনস্বৰূপ অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। তেওঁলোকে অনাগত দিনতো ভাষাৰ শুদ্ধ ব্যৱহাৰ আৰু প্ৰয়োগৰ ক্ষেত্ৰত অৰিহণা যোগাব বুলি তেওঁ আশা প্রকাশ কৰে।
Assamese | January 30, 2025 2:19 PM | AKASHVANI GUWAHATI NEWS | Asom Sahitya Sabha | Assam
প্রাচ্যতত্ববিদ বিশিষ্ট সাহিত্যিক, অধ্যাপক থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকালৈ আজি অসম সাহিত্য সভাৰ সদস্য মহীয়ান সন্মান