হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি নতুন দিল্লীত প্রাক্তন কংগ্ৰেছ নেত্ৰী কিৰণ চৌধুৰী আৰু তেওঁৰ জীয়ৰী শ্ৰুতি চৌধুৰীয়ে বিজেপি দলত যোগদান কৰে। তেওঁলোকে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াৱ সিং ছাইনী, সাংসদ মনোহৰ লাল খট্টৰ আৰু দলৰ অন্যান্য নেতাৰ উপস্থিতিত দলটোত যোগ দিয়ে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত কিৰণ চৌধুৰীয়ে হাৰিয়ানা আৰু তাৰ জনসাধাৰণৰ বাবে কল্যাণৰ বাবে কাম কৰিবলৈ তেওঁলোক প্রতিশ্রুতিবদ্ধ বুলি প্ৰকাশ কৰে।
Assamese | June 19, 2024 8:50 PM | BJP Join
প্রাক্তন কংগ্ৰেছ নেত্ৰী কিৰণ চৌধুৰী আৰু শ্ৰুতি চৌধুৰীৰ বিজেপি দলত যোগদান