উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে আজি প্রয়াগৰাজত মহাকুম্ভ ২০২৫ৰ নতুন বহুৰঙী প্রতীক উন্মোচন কৰে। এই প্রতীকে ধৰ্মীয় আৰু অৰ্থনৈতিক সমৃদ্ধিৰ লগতে সাগৰ মন্থনত উৎপত্তি হোৱা পৱিত্ৰ অমৃত কলহক চিহ্নিত কৰিছে। এই প্রতীকটোত সনাতন সভ্যতাৰ প্ৰকৃতি আৰু মানৱতাৰ সংগমক প্ৰতিনিধিত্ব কৰা এটা মন্দিৰ, ঈশ্বৰৰ দূত, এটা কলহ, অক্ষয়ৱৰ্ট গছ আৰু হনুমানৰ প্ৰতিমূৰ্তি আছে। তদুপৰি প্ৰতীকটোক আত্মসচেতনতা আৰু জনকল্যাণৰ অবিৰত ধাৰাক প্ৰতিফলিত কৰা হৈছে । উল্লেখযোগ্য যে, ইউনেস্কোৰ দ্বাৰা মানৱতাৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্য হিচাপে স্বীকৃতিপ্রাপ্ত কুম্ভ মেলাক বিশ্বৰ সৰ্ববৃহৎ শান্তিপূর্ণ তীর্থ যাত্ৰীৰ সমাৱেশ হিচাপে গণ্য কৰা হয়
Assamese | October 6, 2024 8:32 PM | Mohakumbh 2025
প্রয়াগৰাজত মহাকুম্ভ ২০২৫ৰ নতুন বহুৰঙী প্রতীক মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ দ্বাৰা উন্মোচন