প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰষ্কাৰ, ২০২৫ৰ বাবে ১৫ ছেপ্তেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্রতি বছৰে জানুৱাৰীত এই বঁটাসমূহ প্ৰদান কৰে। এই বছৰৰ বঁটা প্ৰাপকসকলৰ নাম ২৬ ডিচেম্বৰত সাহসী শিশু দিৱসৰ দিনা ঘোষণা কৰা হ’ব। শিশুসকলৰ সামৰ্থ, দৃঢ়তা, উৎসাহ- উদ্দীপনাৰ উদযাপন কল্পে এই বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় পুৰষ্কাৰৰ আনুষ্ঠানিক ৱেবছাইটৰ জৰিয়তে এই বঁটাৰ বাবে ৫ বছৰৰ উৰ্ধৰ আৰু ১৮ বছৰৰ তলৰ শিশুৰ নাম মনোনীত কৰিব পৰা যায়।
Assamese | September 8, 2024 12:09 PM | Pradhan Mantri Rashtriya Bal Puraskar
প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰষ্কাৰ, ২০২৫ৰ বাবে ১৫ ছেপ্তেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন