প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজকোটৰ মাৰোৱাৰী বিশ্ববিদ্যালয়ত কচ্ছ আৰু সৌৰাষ্ট্ৰৰ প্ৰাণৱন্ত গুজৰাট আঞ্চলিক সন্মিলন মুকলি কৰে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই সন্মিলনৰ জৰিয়তে কচ্ছ আৰু সৌৰাষ্ট্ৰৰ ১২ খন জিলাত প্ৰগতি, উদ্ভাৱন তথা বিনিয়োগ ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজকোটত বিশেষ চিকিৎসা আহিলাৰ কেন্দ্ৰ মুকলি কৰাৰ লগতে সৌৰাষ্ট্ৰৰ ৭ খন জিলাত ১৩ টা নতুন গ্রীণফিল্ড স্মার্ট ঔদ্যোগিক প্ৰাংগণ ভার্চুৱেল পদ্ধতিৰে মুকলি কৰে। অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয়, যে প্রাণৱন্ত গুজৰাট শীৰ্ষ সন্মিলন, আন্তর্জাতিক প্ৰগতি, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা তথা মিত্ৰতাৰ ক্ষেত্ৰত শক্তিশালী মঞ্চ হিচাপে পৰিগণিত হৈছে। বিশ্ব দৰবাৰত গুজৰাটৰ সম্ভাৱনাক প্ৰতিফলিত কৰাৰ হকে শ্রী মোদীয়ে মত প্ৰকাশ কৰে। গুজৰাটত বিনিয়োগ কৰাৰ বাবে বিনিয়োগৰাকীসকলক উৎসাহিত কৰাৰ লগতে ইয়াৰ জৰিয়তে দেশ উপকৃত হ’ব বুলি শ্ৰী মোদীয়ে মত প্ৰকাশ কৰে। বিগত কেইবছৰমানত গুজৰাটত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, যে তেওঁ সদায় অনুষ্ঠানটোৰ উদ্দেশ্যৰ সৈতে সহমত পোষণ কৰি আহিছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি বিখ্যাত উদ্যোগপতি মুকেশ আম্বানিয়ে প্রধানমন্ত্ৰীগৰাকীক প্ৰশংসা কৰি কয়, যে স্বাধীন ভাৰতৰ ইতিহাসত দেশখনে কেতিয়াও আশা আৰু ইতিবাচক পৰিৱেশৰ অভিজ্ঞতা লাভ কৰা নাই। তেওঁ শ্ৰী মোদীৰ শাসনকালছোৱাক সম্ভাৱনা আৰু প্ৰদৰ্শনৰ কাল বুলি অভিহিত কৰে। আন এগৰাকী উদ্যোগপতি বালকৃষ্ণণ গোপীৰাম গোৱেংকাই কয়, যে বিশ্বৰ সৰ্ববৃহৎ ঘৰুৱা বস্ত্ৰ প্ৰতিষ্ঠান গঢ়ি তোলাৰ ক্ষেত্ৰত কচ্ছ জিলিকি থাকিব। গুজৰাটৰ হকে কৰা প্ৰশংসনীয় কামৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰচেষ্টা, দৃষ্টিভংগী আৰু নেতৃত্বৰ শলাগ লয়। এই সন্মিলনত ১৫০০তকৈও অধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ জৰিয়তে আঞ্চলিক অর্থনীতি ত্বৰান্বিত হ’ব বুলি আশা কৰিব পাৰি। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুকেশ আম্বানী, কৰণ আদানী আৰু বি কে গোৱেংকাকে ধৰি বিশিষ্ট ঔদ্যোগিক নেতাসকলে অংশগ্ৰহণ কৰে।
প্রধানমন্ত্ৰীগৰাকীয়ে গুজৰাট ভ্ৰমণৰ দ্বিতীয়দিনা আজি ৰাজকোটত প্ৰাণৱন্ত গুজৰাট বাণিজ্যিক প্ৰদৰ্শনীও উদ্বোধন কৰে। কৃষি, খাদ্য প্ৰসংস্কৰণ, মীন, প্ৰতিৰক্ষাৰ লগতে শক্তি আৰু ৰচদপাতিকে ধৰি বিভিন্ন খণ্ডৰ কৰ্ণধাৰসকলে এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে। প্রধানমন্ত্ৰী মোদীয়ে আজি পুৱাৰ ভাগত ঐতিহাসিক সোমনাথ স্বাভিমান পৰ্বৰ অংশস্বৰূপে প্রভাস পার্টানত অনুষ্ঠিত শৌর্য্য যাত্ৰাত ভাগ লয়। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্তিপ্ৰাণ লোকে এই যাত্ৰাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথ মন্দিৰৰ সুৰক্ষাৰ বাবে জীৱন আহুতি দিয়া অগণন যোদ্ধালৈ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ সোমনাথ মহাদেৱৰ প্ৰতি প্ৰাৰ্থনা জনোৱাৰ লগতে পুজাও আগবঢ়ায়।
Assamese | January 11, 2026 7:40 PM | PM Modi at Gujrat
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজকোটত কচ্ছ আৰু সৌৰাষ্ট্ৰৰ প্ৰাণৱন্ত গুজৰাট আঞ্চলিক সন্মিলন মুকলি কৰে