প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্রতিযোগিতা ভিডিঅ’ কনফাৰেন্সিঙ ব্যৱস্থাৰে উদ্বোধন কৰিব। অহা আজিৰ পৰা অহা ১১ তাৰিখলৈ বাৰাণসীৰ ডাঃ সম্পুৰানন্দ ক্রীড়া ষ্টেডিয়ামত এই প্রতিযোগিতাখন অনুষ্ঠিত হ’ব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। দেশৰ বিভিন্ন ৰাজ্য আৰু প্ৰতিষ্ঠানৰ ১০০০ৰো অধিক খেলুৱৈৰে গঠিত প্ৰায় ৭৩টা পুৰুষ আৰু মহিলা দলে এই প্রতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। এই প্ৰতিযোগিতাত খেলুৱৈসুলভ মনোভাৱ,সুস্থ প্ৰতিযোগিতা আৰু ভলীবলত ভাৰতীয়ৰ যোগ্যতাৰ উচ্চ মান দেখিবলৈ পোৱা যাব বুলি আশা কৰা হৈছে। প্ৰতিযোগিতাখনৰ জৰিয়তে মহানগৰখনত খেলুৱৈসকলৰ বিকাশ আৰু খেলৰ আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি মহানগৰখনত পৰৱৰ্তী সময়ত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ এটা মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো এই প্রতিযোগিতাই বিশেষ ভূমিকা আগবঢ়াব।
Assamese | January 4, 2026 7:51 AM | 72nd Senior National Volleyball Championship
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফেৰান্সিং ব্যৱস্থাৰে ৭২ সংখ্যক ৰাষ্ট্রীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰিব