প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহমাৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে। ইয়াৰ ভিতৰত বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি, সেউজ শক্তি, কৃত্রিম বুদ্ধিমত্তা, ষ্টাৰ্ট আপ, পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন, সাংস্কৃতিক সহযোগিতা আৰু উভয় দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক অন্যতম। দুয়োগৰাকী নেতাই লগতে পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ মত বিনিময় কৰে। বৈঠকৰ অন্তত শ্রীমোদীয়ে কয় যে, তেওঁলোকে জলবায়ু পৰিৱৰ্তন আৰু সন্ত্ৰাসবাদকে ধৰি মানৱতাই বৰ্তমান সন্মুখীন হোৱা বৃহৎ প্ৰত্যাহ্বানসমূহক লৈ আলোচনা কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ অষ্ট্ৰিয়াক আন্তৰাষ্ট্ৰীয় সৌৰজোট, বিপর্যয় অনুকুল আন্তঃগাথনি গোট আৰু জৈৱ ইন্ধনজোটসহ ভাৰতৰ উদ্যমত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। শ্রীমোদীয়ে কয় যে, গণতন্ত্ৰ আৰু আইনৰ শাসনত উমৈহতীয়া প্ৰমূল্যৰাজিৰ প্ৰতি বিশ্বাস ভাৰত আৰু অষ্ট্ৰিয়াৰ মাজৰ সম্পৰ্কৰ শক্তিশালী ভেটিস্বৰূপ। পাৰস্পৰিক আস্থা আৰু উমৈহতীয়া স্বাৰ্থই এই সম্পৰ্কক অধিক সূদৃঢ় কৰা বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয় কয় যে চেঞ্চেলৰ নেহমাৰ সৈতে হোৱা ফলপ্রসূ আলোচনাৰ পাৰস্পৰিক সহযোগিতা অধিক শক্তিশালী কৰাত নতুন সম্ভাৱনা চিনাক্ত কৰা হৈছে। তেওঁলোকে এই সম্পর্ক কৌশলগত দিশ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে, তেওঁলোকে ইউক্রেইন আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিসহ বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংঘৰ্ষক লৈ বিস্তৃতভাৱে আলোচনা কৰিছে। প্রধানমন্ত্ৰীয়ে এয়া যুদ্ধৰ সময় নহয় বুলি মন্তব্য কৰে ৷ আলোচনাত দুয়োগৰাকী নেতাই ৰাষ্ট্ৰসংঘ আৰু অন্য আন্তৰাষ্ট্ৰীয় সংস্থাসমূহক ফলপ্রসূ কৰি তোলাৰ বাবে এনে সংস্থাসমূহক সংস্কাৰৰ পোষকতা কৰে । অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহমাই কয় যে, আন্তঃগাথনি, সমাজৰ ডিজিটীয়কৰণ আৰু বুনিয়াদি আন্তঃগাথনিৰ দ্ৰুত বিকাশে ভাৰতৰ সাফল্যক প্ৰতিফলিত কৰে।
Assamese | July 10, 2024 7:52 PM | PM Visit Austria
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহমাৰৰ দ্বিপাক্ষিক বৈঠক