প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে ডেনমার্কৰ প্ৰধানমন্ত্রী মেটে ফ্ৰেডৰিক্সনৰ সৈতে কথা পাতে। কথোপকথনত দুয়োগৰাকী নেতাই ভাৰত-ডেনমার্ক সেউজ কৌশলগত সহযোগিতাৰ প্ৰতি সমর্থন প্ৰকাশ কৰে আৰু উভয় দেশৰ জনসাধাৰণৰ হিতার্থে বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰে। শ্ৰীমতী ফ্ৰেডৰিক্সনৰ সৈতে পাৰস্পৰকি স্বার্থজড়িত আঞ্চলিক আৰু গোলকীয় ঘটনাক্ৰমক লৈ আলোচনা কৰা বুলি শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে।
Assamese | April 15, 2025 8:14 PM
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডেনমার্কৰ প্ৰধানমন্ত্রী মেটে ফ্ৰেডৰিক্সনৰ মাজত টেলিফোনিক বাৰ্তালাপ