September 16, 2026 7:37 PM | PM E-Nilam Auction

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মাৰক আৰু উপহাৰৰ ই-নিলাম কাইলৈ আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মাৰক আৰু উপহাৰৰ ই-নিলাম কাইলৈৰ পৰা আৰম্ভ হ’ব। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে কয় যে ভাৰতৰ বৈচিত্যময় সংস্কৃতি, বিশ্বাস আৰু পৰম্পৰাগত কাৰুশিল্পক প্রতিনিধিত্ব কৰা চিত্রকলা, বস্ত্র, মূৰ্তি, প্রাচীন আৰু হস্তনির্মিত শিল্পকর্মকে ধৰি এই বছৰ নিলামৰ বাবে প্ৰায় এহেজাৰ ৫০০ সামগ্ৰী ৰখা হৈছে। শ্ৰীশ্বেখাৱাটে কয় যে মুঠ ৭ হাজাৰ ৪৪০টা সামগ্ৰী নিলাম কৰা হৈছিল, ই-নিলামৰ পূৰ্বৰ ৭টা সংস্কৰণত ইতিমধ্যে ২২ কোটি টকা সংগ্ৰহ কৰা হৈছিল। তেওঁ কয় যে এই উপার্জন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গংগা নদীৰ নিৰন্তৰ প্ৰবাহ আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ বাবে নমামি গংগে অভিযানত উচৰ্গা কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।