June 11, 2026 12:49 PM | PM Niti Ayog

printer

প্রধানমন্ত্ৰীৰ অধ্যক্ষতাত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত দেশৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকলে ভাগ লৈছে। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাইও বৈঠকত অংশগ্রহণ কৰিছে। বৈঠকত দেশৰ দীৰ্ঘম্যাদী বিকাশৰ বাবে গুৰুত্বপূৰ্ণ বিষয়ক লৈ বিতংভাৱে আলোচনা কৰা হ’ব। বিকশিত ভাৰত গঢ়াৰ বাবে টীম ইণ্ডিয়াৰ মানসিকতাৰে কাম কৰাৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী অনুযায়ী এই বৈঠকৰ বাবে ‘বিকশিত ভাৰত, ২০৪৭-ৰ বাবে সৰ্বাত্মক মানৱ উন্নয়ন’ক বিষয়বস্তু হিচাপে বাছনি কৰা হৈছে। ইয়াৰ জৰিয়তে বয়স, অঞ্চল, লিংগ অথবা আর্থ- সামাজিক পৃষ্ঠভূমি নির্বিশেষে প্ৰতিগৰাকী ভাৰতীয়ৰ কল্যাণ আৰু উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।