গর্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃসকলৰ বাবে চৰকাৰৰ অভিলাষী আঁচনি প্রধানমন্ত্রী মাতৃ বন্দনা যোজনাই আজি ৯ বছৰ সম্পূৰ্ণ কৰিলে। উল্লেখযোগ্য যে গর্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃসকলৰ স্বাস্থ্য আৰু পুষ্টিৰ প্ৰতি লক্ষ্য ৰাখি ২০১৭ চনৰ ১ জানুৱাৰীত এই আঁচনিখন আৰম্ভ কৰা হৈছিল। আঁচনিখনৰ অধীনত মাতৃসকলক প্রথমটো সন্তান জন্মৰ সময়ত ৫ হাজাৰ টকাকৈ আৰু দ্বিতীয়বাৰ কণ্যা সন্তান জন্ম হ’লে ৬ হাজাৰ টকাকৈ প্ৰদান কৰা হয়। ইয়াৰে ৩ হাজাৰ টকাৰ প্ৰথমটো কিস্তি গৰ্ভাৱস্থাৰ পঞ্জীয়নৰ সময়ত আৰু ২ হাজাৰ টকাৰ দ্বিতীয়টো কিস্তি সন্তান জন্মৰ পাছত প্ৰদান কৰা হয়। মহিলা আৰু শিশু বিকাশ মন্ত্রালয়ে প্রকাশ কৰা মেত এই আঁচনিৰ অধীনত ৪ কোটি ৫০ লাখ হিতাধিকাৰীৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে আৰু ১৯ হাজাৰ কোটিৰো অধিক ধন মোকলাই দিয়া হৈছে। আঁচনিখনৰ জৰিয়তে গৰ্ভাৱস্থাৰ সময়ছোৱাত মাতৃসকলক পুষ্টিকৰ খাদ্য গ্রহণ, নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে বিত্তীয় সাহায্য প্রদান কৰা হয়।
Assamese | January 1, 2026 8:47 PM | Matri Vandana Yojana 9 years
প্রধানমন্ত্রী মাতৃ বন্দনা যোজনাৰ ৯ বছৰ সম্পূৰ্ণ