প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ সেৱাত ২৫ বছৰ সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ সেৱাত ২৫ বছৰ সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে। জন সেৱাই দেশ সেৱা মন্ত্ৰেৰে জনসাধাৰণৰ সেৱাৰ প্ৰতি অবিচল প্রতিশ্রুতিৰে তেওঁ এই যাত্রা অব্যাহত ৰাখিছে।

সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত চৰকাৰখনে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰে নিৰন্তৰ কাম কৰি আহিছে।

সামগ্রিক উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে এই প্রচেষ্টাই জনসাধাৰণৰ জীৱনত ব্যাপক পৰিৱৰ্তন আনিছে। এই উপলক্ষে সেৱা সংকল্প অভিযানৰ বিশেষ সম্প্ৰচাৰ কৰা হৈছে। ইয়াৰ অংশ হিচাপে আজি স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে বাস্তৱিকতে হোৱা সামাজিক আৰু স্বাস্থ্য সম্পৰ্কীয় পৰিৱৰ্তনৰ আলোকপাত কৰা হৈছে।