প্রাক্তন প্রধানমন্ত্রী ভাৰতৰত্ন সন্মানেৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জীৱন আৰু আদৰ্শৰাজিৰ সন্মানার্থে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণা স্থল মুকলি কৰিব। ঐতিহাসিক ৰাষ্ট্ৰীয় স্মাৰক আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰেৰণা চৌহদ হিচাপে এই ৰাষ্ট্ৰ প্ৰেৰণা স্থল বিকশাই তোলা হৈছে। নেতৃত্বৰ প্ৰমূল্যৰাজি, ৰাষ্ট্ৰীয় সেৱা, সাংস্কৃতিক চেতনা আৰু জন প্ৰেৰণাৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰীয় সম্পদ হিচাপে প্রায় ২৩০ কোটি টকা ব্যয়েৰে ৬৫ একৰ ভূমিত এই চৌহদ নিৰ্মাণ কৰা হৈছে। চৌহদত ড০ শ্যামা প্রসাদ মুখার্জী, পণ্ডিত দীনদয়াল উপাধ্যায় আৰু অটল বিহাৰী বাজপেয়ীৰ ৬৫ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূর্তি স্থাপন কৰা হৈছে।
Assamese | December 24, 2025 8:24 PM | Rastra Prerana Sthal Launch
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণা স্থল মুকলি