সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰৰ অধ্যক্ষতাত কালি নতুন দিল্লীত প্রধানমন্ত্রী অনুসূচিত জাতি অভ্যুদ্বয় যোজনা সম্পৰ্কীয় কেন্দ্ৰীয় পৰামৰ্শ কমিটিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত দেশৰ অনুসূচিত জাতিৰ লোকসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই আঁচনিখনৰ প্ৰগতিৰ পৰ্যালোচনা কৰা হয়। ড০ বীৰেন্দ্ৰ কুমাৰে আঁচনিখনৰ ৰূপায়ণৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰে আৰু ইয়াৰ লক্ষ্যসমূহ পূৰণ কৰাত গুৰুত্ব আৰোপ কৰে। বৈঠকত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন্ত্ৰীসকলৰ লগতে ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগৰ অধ্যক্ষ উপস্থিত থাকে।
Assamese | February 9, 2025 11:22 AM | Social Justices and Empowerment Ministry
প্রধানমন্ত্রী অনুসূচিত জাতি অভ্যুদ্বয় যোজনা সম্পৰ্কীয় কেন্দ্ৰীয় পৰামৰ্শ কমিটিৰ নতুন দিল্লীত বৈঠক