প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি ষট্ মহাপৰ্বৰ এটা গুৰুত্বপূৰ্ণ পৰম্পৰা সন্ধ্যা অর্ঘ্য উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্রধানমন্ত্রীয়ে প্ৰকৃতিৰ উপাসনাৰ বাবে উৎসর্গিত এই উৎসবে জনসাধাৰণৰ জীৱনলৈ নতুন শক্তি আৰু সজীবতা কঢ়িয়াই অনাৰ লগতে সামাজিক সম্প্রীতি তথা ঐক্য অধিক শক্তিশালী কৰিব বুলি আশা প্রকাশ কৰে।
তেওঁ লগতে সকলোৰে জীৱনত সূর্যদেৱতাৰ আশীৰ্বাদ কামনা কৰাৰ লগতে যঠী মাইয়ালৈ সেৱা নিবেদন কৰে।
দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ষট পূজাৰ উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। ষট পূজাৰ তৃতীয় দিনা পৰম্পৰা অনুসৰি অস্তমিত সূর্যলৈ অৰ্ঘ্য প্ৰদান কৰা হৈছে। এই পৰ্ব সূৰ্যৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ প্ৰতীক।
এই দিনটোত ভক্তসকলে থেকুৱা, কুঁহিয়াৰ, ফল-মূল আৰু জ্বলি থকা বন্তিৰে সু-শোভিত বাঁহৰ খৰাহী হাতত লৈ নদীৰ ঘাট আৰু অন্য জলাশয়ৰ পাৰত সমবেত হয়।
ষট পূজাৰ ব্রত পালন কৰা ভক্তসকলে পানী যুৱলীত থিয় হৈ সূর্য দেৱতাক অ্য প্ৰদান কৰে আৰু নিজৰ সন্তান তথা পৰিয়ালৰ সুখ-সমৃদ্ধি কামনা কৰে। কাইলৈ উদিত সূর্যলৈ অর্ঘ্য প্রদানেৰে এই পূজাৰ সামৰণি পৰিব।