প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰীয়া সেৱা সম্পূৰ্ণ কৰা হেতু তেওঁক জনোৱা শুভেচ্ছাৰ বাবে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুক ধন্যবাদ জ্ঞাপন কৰিছে। প্রধানমন্ত্রীয়ে কয় যে, দেশৰ যি প্রগতি সেয়া, কোটি কোটি ভাৰতীয়ই আত্মবিশ্বাস আৰু দৃঢ়তাৰে দেশৰ পৰিৱৰ্তনত অংশগ্ৰহণ কৰিবলৈ বাছি লোৱাৰ বাবেই সম্ভৱ হৈছে।
প্রধানমন্ত্রীয়ে লগতে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক তেওঁৰ উষ্ম শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্রধানমন্ত্রী মোদীয়ে কয় যে দেশৰ সমগ্ৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে থকা উপ-ৰাষ্ট্ৰপতিগৰাকীৰ পৰ্যবেক্ষণ অত্যন্ত উৎসাহজনক। শ্রীমোদীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকো তেওঁৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনায়।