September 10, 2026 8:15 PM | VP-Rahim Aga Khan Meet

printer

প্রখ্যাত সমাজসেৱী ৰহিম আগা খানক সাক্ষাৎ উপ-ৰাষ্ট্ৰপতিৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি উপ-ৰাষ্ট্ৰপতি ভৱনত প্রখ্যাত সমাজসেৱী ৰহিম আগা খানক সাক্ষাৎ কৰে। সাক্ষাতৰ সময়ত পানী আৰু অনাময়, মহিলা আত্মসহায়ক গোট, শিক্ষা, সামুহিক উন্নয়ন আৰু পূব আফ্রিকা তথা আফগানিস্তানত তেওঁ কৰি থকা কামবোৰৰ শলাগ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিয়ে কয়, যে তেওঁলোকে ভাৰত আৰু আগা খান উন্নয়ন নেটৱৰ্কৰ মাজত ক্রীড়া আৰু শিক্ষাৰ দৰে খণ্ডক অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন আলোচনা কৰে। দুয়োগৰাকী নেতাই উগ্রপন্থী সমস্যা নির্মূলৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি কয়, যে শান্তি আৰু সম্প্ৰীতিৰ মাজেৰেহে সমাজত উন্নয়ন সাধন কৰিব পাৰি।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।